মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

ড° ভূপেন হাজৰিকা আলোকচিত্ৰ তথা বোলছবি অভিলেখাগাৰ আৰু গৱেষণা কেন্দ্ৰ

ড° ভূপেন হাজৰিকা আলোকচিত্ৰ আৰু বোলছবি অভিলেখাগাৰ আৰু গৱেষণা কেন্দ্ৰ হৈছে ২০১২ বৰ্ষত ঘোষিত অসম চৰকাৰৰ এটি অভিলাষী আঁচনি। এই প্ৰকল্পটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতেই প্ৰথম যিয়ে কিংবদন্তি সংগীত শিল্পী ড° ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্য আগত লৈ গ্ৰহণ কৰা হৈছে।

তথ্য আৰু জনসংযোগ বিভাগে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহাসিক, সামাজিক, ৰাজনৈতিক আৰু বিভিন্ন দিশৰ বিষয়সমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণৰ বাবে এটি অভিলেখাগাৰ প্ৰতিষ্ঠাৰ আঁচনি গ্ৰহণ কৰিছে। এই অভিলেখাগাৰটো ক্ষিপ্ৰ আৰু আধুনিক ফটো/ফিল্ম কাৰিকৰী কৌশলৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ'ব। এই প্ৰতিষ্ঠান স্থাপনৰ বাবে পোন্ধৰ বিঘা মাটি আমিনগাঁৱৰ শিলা সুন্দৰীৰ কালি পাহাৰ গাঁৱত আবণ্টন দিয়া হৈছে। বৰ্তমানে অৱশ্যে এই কাম স্থগিত অৱস্থাত আছে।

আঁচনিৰ মূল বিষয়বস্তুসমূহ:

প্ৰকল্পটোৰ অৱলোকন:

  • অভিলেখাগাৰত সংৰক্ষণৰ বাবে ১০,১৩১ খন দুষ্প্ৰাপ্য নিগেটিভ আৰু আলোকচিত্ৰ ডিজিটেল কৰি তোলা হৈছে।
  • ক্ৰমে ২০১৩, ২০১৪ আৰু ২০১৫ বৰ্ষত তিনিখনকৈ গৱৰ্ণিং বডিৰ সভা অনুষ্ঠিত হয়।
  • ২৯ ফেব্ৰুৱাৰী ২০১৬ ত প্ৰকাশিত প্ৰতিষ্ঠানৰ জাননী নম্বৰ IPRD.75/2013/pt/133 ত চৰকাৰে অনুমোদন জনায়।