মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

লক্ষ্মীনাথ বেজবৰুৱা ইনষ্টিটিউট অৱ মাচ কমিউনিকেশ্যন এণ্ড প্ৰিণ্টিং টেকণ'লজী

২০১১-১২ আৰু ২০১৩-১৪ ৰ বাজেট অধিৱেশনত অসম চৰকাৰে আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নামেৰে এটি মাচ কমিউনিকেশ্যন আৰু প্ৰিণ্টিং টেকনলজীৰ প্ৰতিষ্ঠান স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল। এই প্ৰতিষ্ঠানৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলত গুণগত মানদণ্ডৰ মিডিয়া আৰু প্ৰিণ্টিং টেকনলজীৰ শিক্ষা আৰু গৱেষণাৰ সুবিধাৰ প্ৰসাৰণ ঘটোৱা। সামাজিক দায়বদ্ধতা আৰু উন্নত মানদণ্ডৰ প্ৰশিক্ষণৰ লক্ষ্য আগত লৈ এই প্ৰতিষ্ঠানে নতুন ধাৰণাৰ বীজ ৰোপণ আৰু ন ন জ্ঞানৰ সৃষ্টিৰ উদ্যোগ গ্ৰহণৰ দিশে অগ্ৰসৰ হৈছে।

উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত চিলা ঘোপা মৌজাৰ কালি পাহাৰ গাঁৱত এই আঁচনিৰ বাবে ত্ৰিশ বিঘা মাটিৰ এটি অঞ্চল আবণ্টিত হৈছে। বৰ্তমানে অৱশ্যে এই কাম স্থগিত অৱস্থাত আছে।