মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

আমাৰ ইতিহাস

  • জনসংযোগ বিভাগ, অসম ১৯৪০ চনৰ জুন মাহত ৰাজ্যৰ সেই সময়ৰ ৰাজধানী শ্বিলঙত স্থাপিত হৈছিল। আৰম্ভনিতে ইয়াৰ নাম আছিল Publicity & Rural Development Department অৰ্থাৎ প্ৰচাৰ আৰু গ্ৰাম্য উন্নয়ন বিভাগ। এই বিভাগ স্থাপনৰ মুখ্য উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধৰ বাতৰি প্ৰচাৰ কৰা আৰু মিত্ৰ শক্তিৰ সমৰ্থনত জনসাধাৰণৰ নীতি আদৰ্শ বৰ্তাই ৰখা। এই প্ৰচাৰ বিভাগৰ মূল বিষয়াগৰাকীক প্ৰচাৰ বিষয়া (Publicity Officer) বোলা হৈছিল আৰু তেওঁৰ অধীনত দুগৰাকী সহায়কাৰী বিষয়া আছিল- এগৰাকী আছিল অসম উপত্যকাৰ বাবে প্ৰচাৰ বিষয়া আৰু আনগৰাকী আছিল সুৰমা উপত্যকাৰ বাবে প্ৰচাৰ বিষয়া।

    ১৯৯৭ ৰ নৱেম্বৰত অসম চৰকাৰে জাননী নম্বৰ AR31/97/2 আৰু তাং ১/১১/৯৭ অনুসৰি পূৰ্বৰ গৃহ বিভাগক দ্বিখণ্ডিত কৰি  ‘তথ্য আৰু জনসংযোগ বিভাগ’ নামেৰে এটি নতুন বিভাগৰ জন্ম দিয়ে। এই নতুন তথ্য আৰু জনসংযোগ বিভাগটো তথ্য আৰু জনসংযোগ সঞ্চালকালয় (Directorate of Information & Public Relations) ৰ এটা প্ৰশাসনীয় বিভাগ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে জাননী নম্বৰ AR31/97/6 তাৰিখ ২৮/৪/১৯৯৮ অনুসৰি এই সঞ্চালকালয়ক দ্বিতীয় পৰ্যায়ৰ পৰা প্ৰথম পৰ্যায়লৈ উত্তৰণ ঘটায়।

    বিভাগৰ প্ৰথমগৰাকী প্ৰচাৰ বিষয়া আছিল অসম অসামৰিক সেৱাৰ বিষয়া য়াহিয়া খান চৌধুৰী। সেই সময়চোৱাত বিভাগৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য আছিল প্ৰেছ টোকা, প্ৰৱন্ধ আৰু পুস্তিকা প্ৰকাশৰ জৰিয়তে যুদ্ধৰ সৈতে জড়িত বা-বাতৰি আৰু তথ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। দেশে স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত এই বিভাগৰ দায়িত্ব আৰু গুৰুত্ব বহুপৰিমাণে বৃদ্ধি পায়। বিভাগে সেই সময়ত দুখন পষেকীয়া প্ৰতিবেদন নিয়মিতভাৱে প্ৰেৰণ কৰিছিল সেই দুটা হৈছে- (১) ভাৰত-পাক সম্পৰ্ক আৰু (২) মুখ্যমন্ত্ৰীলৈ জনতাৰ মতামত। বিভাগে ‘ভৱিষ্যত অসম’ নামেৰে অসমীয়া আৰু বঙালী ভাষাত এখন পষেকীয়া পত্ৰিকা প্ৰকাশ কৰি উলিয়ায়। সেই সময়ত প্ৰেছ বাৰ্তা, পত্ৰিকাসমূহৰ উপৰিও শ্বিলং চহৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা হাতে সজা মেগাফোনৰ মাধ্যমেৰে যুদ্ধ সম্পৰ্কে বা-বাতৰিসমূহ প্ৰচাৰ কৰিছিল। ঘোষণাসমূহ ইংৰাজী, অসমীয়া, খাচী, হিন্দী আৰু নেপালী ভাষাত প্ৰচাৰ কৰা হৈছিল। যুদ্ধৰ সময়ছোৱাত গীত আৰু প্ৰচাৰ সংস্থা (Song & Publicity Organization) নামেৰে এটি বিশেষ গোট গঠন কৰা হৈছিল যি গোটৰ নেতৃত্ব প্ৰদান কৰিছিল বিশিষ্ট সংগীতজ্ঞ কীৰ্তি নাথ শৰ্মা বৰদলৈয়ে। এই দলটিয়ে অসমীয়া, বঙালী আৰু খাচী ভাষাত গীত ৰচনা কৰি গ্ৰামোফোন ৰেকৰ্ডৰ মাধ্যমেৰে পৰিৱেশন কৰিছিল।

    য়াহিয়া খানৰ পিছত এ.এছ চক্ৰৱৰ্তী আয়েংগাৰ বিভাগৰ পাব্লিচিটি অফিচাৰ বা প্ৰচাৰ বিষয়া হয়। তেখেত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী চাৰ চৈয়দ মহম্মদ চাদুল্লাৰ ব্যক্তিগত সচিব আছিল। এ.এছ চক্ৰৱৰ্তীৰ পিছত ক্ৰমান্বয়ে আই.চি.এছ হেলে, কেপ্তেইন ডাউচ, মেজৰ ৰিগবি, এম.এইচ হুচেইন, আই.চি.এছ এছ.চি ভট্টাচাৰ্য্য, আই.এ.এছ বি.চি কাপুৰ, আই.চি.এছ এ.এন কিডৱাই আদি বিষয়াসকলে বিভাগৰ সঞ্চালকৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ পিছত আই.পি চৌধুৰীৰ বিভাগীয় সঞ্চালকৰ দায়িত্ব পালনৰ সময়চোৱাত বিভাগত প্ৰদৰ্শনী, সাংস্কৃতিক আৰু চলচ্চিত্ৰ বিভাগ নামেৰে পৃথক পৃথক বিভাগৰ সৃষ্টি হয়। প্ৰতিবছৰে গণৰাজ্য দিৱসৰ পেৰেডত নতুন দিল্লীত অসমৰ লোকনৃত্য প্ৰ্দৰ্শনৰ ব্যৱস্থা কৰা হয় আৰু বিভাগে এই দায়িত্ব বহন কৰি আহিছে। সঞ্চালকালয়ে ইয়াৰ দ্বাৰা বহুবাৰ ৰাজ্যলৈ সুনাম কঢ়িয়াই অনাৰ উপৰিও পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছে।