মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

আমি কি কৰো

  • আমি সঞ্চালকালয়ৰ দ্বাৰা কাৰ্যকৰী হোৱা কামসমূহৰ প্ৰেছ বিজ্ঞপ্তি, ইলেকট্ৰনিক তথা আউটড'ৰ মিডিয়া, বাটৰ নাট, সাংস্কৃতিক কাৰ্য্যসূচী, এল ই ডি বোৰ্ড ডিচপ্লে, সাংবাদিকসকলৰ প্ৰেছ মিটিং আদিৰ মাধ্যমেৰে তদাৰক কৰো। বিভাগে সকলোধৰণৰ প্ৰশাসনিক অনুমোদন প্ৰদান কৰে।

    • চৰকাৰৰ নীতি, কাৰ্য্যসূচী আৰু পৰিকল্পনাসমূহৰ তথ্যসমূহ নাগৰিক তথা সংবাদ মাধ্যমলৈ সৰল আৰু সঠিকভাৱে প্ৰেৰণ হোৱা সুনিশ্চিত কৰা।
    • জনসাধাৰণৰ ধাৰণা/উপলব্ধিসমূহক চৰকাৰৰ আগত নিয়মীয়াকৈ দাঙি ধৰা।
    • চৰকাৰ আৰু জনসাধাৰণৰ মাজত মিডিয়া আৰু অন্যান্য তথ্য-প্ৰযুক্তিৰ মাধ্যমেৰে সেতুঁবন্ধন কৰা।

    মিছন

    • চৰকাৰী নীতি, কাৰ্য্যসূচী তথা কৃতিত্ব সম্বন্ধে প্ৰিণ্ট, ইলেকট্ৰ্নিক আৰু ছচিয়েল মিডিয়াৰ মাধ্যমেৰে প্ৰচাৰ কৰা।
    • চৰকাৰ-মিডিয়াৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তোলা আৰু নাগৰিকৰ ধাৰণা তথা মন্তব্যসমূহৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা।
    • বিভিন্ন গণমাধ্যমৰ জৰিয়তে ৰাইজৰ পৰা চৰকাৰী কাম-কাজ সম্পৰ্কে প্ৰতিক্ৰিয়া অৱগত কৰোৱা।
    • চৰকাৰী বিজ্ঞাপনসমূহ প্ৰিণ্ট, ইলেকট্ৰনিক আৰু ৱেব মিডিয়াত প্ৰচাৰ কৰা।
    • বিভিন্ন প্ৰেছ কনফাৰেন্সৰ আয়োজন, প্ৰেছ বিজ্ঞপ্তি তথা ফটোগ্ৰাফ প্ৰচাৰ আৰু বিভিন্ন প্ৰেছ গৱেষণা কাৰ্য্যক্ৰমত অংশগ্ৰহণ কৰা।
    • Assam Press Correspondents (Accreditation and Recognition) Rules 1989 অনুসৰি সাংবাদিকসকলক এক্ৰিডিটেশ্যন কাৰ্ড প্ৰদান।
    • এই বিভাগে সাম্প্ৰদায়িক আৰু জাতিগত সংঘৰ্ষৰ অৱসান ঘটাই শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাৰ লগত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
    • গন সচেতনতা সৃষ্টিৰ বাবে মাজে সময়ে প্ৰদৰ্শনী, বাটৰ নাট, সন্মিলন আদিৰ আয়োজন কৰা।
    • স্থানীয় ভাষাত এখন সাপ্তাহিক পত্ৰিকা , ইংৰাজী আৰু স্থানীয় ভাষাৰ দুখনকৈ মাহেকীয়া পত্ৰিকা প্ৰকাশ কৰাৰ লগতে এই বিভাগে ৰাজ্যৰ উন্নয়ন তথা শিক্ষামূলক বিষয়সমূহৰ ওপৰত বিভিন্ন কিতাপ, পোষ্টাৰ, প্ৰচাৰ-পত্ৰ, ব্ৰাউচাৰ আদিও প্ৰকাশ কৰে।
    • বিভিন্ন কল্যাণমূলক আচঁনি বাস্তৱায়ন কৰে।