মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

সাংবাদিকসকলৰ বাবে থকা আচঁনি

প্ৰেছ ট্যুৰ

মিডিয়া আৰু চৰকাৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তুলিবৰ উদ্দেশ্যে প্ৰতি বছৰে প্ৰেছ ট্যুৰৰ আয়োজন কৰা হয়। এই কাৰ্য্যসূচীয়ে মিডিয়াৰ সৈতে জড়িত ব্যক্তিসকলক চৰকাৰৰ প্ৰতি এক ভাল মনোভাৱ সৃষ্টি কৰাত সহায় কৰে।

ৰাজ্যৰ বাহিৰত ভ্ৰমণ: বিভিন্ন জিলাৰ গ্ৰাম্য মিডিয়া ব্যক্তিসকলক ভ্ৰমণৰ উদ্দেশ্যে অন্য ৰাজ্যলৈ নিয়াৰ ব্যৱস্থা কৰা হয়। এই উপলক্ষই তেওঁলোকক বিভিন্ন ৰাজ্যৰ সাংবাদিক, বিষয়া, মুখ্যমন্ত্ৰী আৰু অন্য মন্ত্ৰীবৰ্গক সাক্ষাৎ কৰাৰ আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰাৰ এখনি মঞ্চ প্ৰদান কৰে। ইয়েই সাংবাদিকসকলক ৰাজ্যসমূহৰ বিকাশৰ স্তৰ আৰু আৰ্থ-সামজিক অৱস্থাৰ বিষয়ে পৰিচিতি লাভ কৰাত সহায় কৰে।

ৰাজ্যৰ ভিতৰত ভ্ৰমণ: এই ভ্ৰমণৰ সময়চোৱাত সাংবাদিকসকলক বিভিন্ন জিলালৈ লৈ যোৱা হয় য’ত বিকাশৰ আঁচনিসমূহৰ বিষয়ে, নতুন উদ্দ্যোগসমূহৰ বিষয়ে আৰু কৃতিত্বসমূহৰ বিষয়ে সাংবাদিকসকল অৱগত হ’ব পাৰে।

বিভাগে ৪ৰ পৰা ১৬ মাৰ্চ ২০১৭ লৈ গুজৰাটলৈ এক প্ৰেছ ট্যুৰ সফলতাৰে অনুষ্ঠিত কৰিছে। ইয়াত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ১৮ গৰাকী গ্ৰাম্য সাংবাদিকক লৈ এটি দল গঠন কৰা হৈছিল। এই প্ৰেছ ট্যুৰৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে।