মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

সাংবাদিকসকলৰ বাবে থকা আচঁনি

সাংবাদিকৰ পেঞ্চন আঁচনি

অসম সাংবাদিক পেঞ্চন আঁচনি খন ২০১৬ চনৰ জানুৱাৰী মাহত প্ৰৱৰ্তন কৰা হয়। ৬০ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰা জ্যেষ্ঠ সাংবাদিকসকলৰ কল্যাণাৰ্থে এই আঁচনি গ্ৰহণ কৰা হয়। ইয়াৰ বাবে আবেদনকাৰীজন সাংবাদিক হিচাপে অৱসৰপ্ৰাপ্ত হ’ব লাগিব আৰু এই আচঁনিখন তেওঁৰ বাবে আজীৱন থাকিব। অসমৰ সংবাদক্ষেত্ৰত কমেও ২০ বছৰ সেৱা আগবঢ়োৱা অৱসৰপ্ৰাপ্ত সাংবাদিকক মাহিলি ৮০০০ টকাকৈ পেঞ্চন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। সাংবাদিকসকলে সংবাদক্ষেত্ৰত প্ৰদান কৰা সেৱাৰ স্বীকৃতি স্বৰূপে এই পেঞ্চন প্ৰদান কৰা হয়।

২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাজেটত ইয়াৰ বাবে ২০ লাখ টকা আবণ্টন কৰা হৈছে। ২০১৭ ৰ ৭ ফেব্ৰুৱাৰী তাৰিখে মাননীয় বিত্তমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি সাহিত্য, ক্ৰীড়া আৰু শিল্পৰ সৈতে জড়িত ব্যক্তিসকলৰ নিচিনাকৈ যোগ্যতাসম্পন্ন ২০ গৰাকী সাংবাদিকক ২০১৭-১৮ বৰ্ষত নিৰ্বাচন কৰা হৈছে।